গোৰ্খা উন্নয়ন পৰিষদৰ পুঁজিৰে বিশ্বনাথত জাতীয় জীৱনৰ পথ প্ৰদৰ্শকসকলক স্মৰণ; বিধায়ক দিগন্ত ঘাটোৱাল আৰু সাংসদ ৰঞ্জিত দত্তৰ উপস্থিতিত তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভণি।

Nelive24: বিশ্বনাথ জিলাত আজি অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ পুঁজিৰে তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভণি আৰু উন্মোচন কৰা হয়। জিলাখনৰ বিহালী আৰু বালিপুখুৰী অঞ্চলত অনুষ্ঠিত সুকীয়া সুকীয়া কাৰ্যসূচীৰ জৰিয়তে এই প্ৰকল্পসমূহ ৰাইজৰ বাবে আগবঢ়োৱা হয়, যিয়ে অঞ্চলটোৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনত গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙৰ নেতৃত্বত এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে।
আজিৰ আটাইতকৈ উল্লেখনীয় কাৰ্যসূচীটো আছিল বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত কুঁহিয়াৰবাৰীস্থিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ মুখ্য কাৰ্যালয় চৌহদত আজাদ হিন্দ ফৌজৰ বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্ল দেৱৰ প্ৰতিমূৰ্তি উন্মোচন। অদম্য সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক মেজৰ দুৰ্গা মল্লৰ এই প্ৰতিমূৰ্তিটো পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং আৰু স্থানীয় বিধায়ক দিগন্ত ঘাটোৱালৰ উপস্থিতিত উন্মোচন কৰা হয়। অনুষ্ঠানটোত পৰিষদৰ উপাধ্যক্ষ ৰাম দাহাল, সদস্য সঞ্জীৱ ছেত্ৰী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি দিলীপ গজুৰেল, বিশ্বনাথ জিলা সমিতিৰ সভাপতি সুনীল চুতাৰ আৰু অসম গোৰ্খা সন্মিলন বিশ্বনাথ জিলা সমিতিৰ সভাপতি হৰি শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দেশ মাতৃৰ হকে প্ৰাণ উছৰ্গা কৰা মহান শ্বহীদগৰাকীৰ ত্যাগক সন্মান জনাই এই প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ সুযোগ লাভ কৰাত অধ্যক্ষ প্ৰেম তামাঙে মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
ইয়াৰ সমান্তৰালকৈ বিহালী মাজগাঁৱত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী সেনানী তথা অসমৰ গোৰ্খা সমাজৰ বটবৃক্ষ সদৃশ বাবু ছবিলাল উপাধ্যায় দেৱৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰা হয়। মাননীয় সাংসদ ৰঞ্জিত দত্তৰ কৰকমলেৰে এই আধাৰশিলা স্থাপন কৰা হয়। অসমৰ জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা এইগৰাকী চিৰনমস্য ব্যক্তিৰ স্মৃতিক যুগমীয়া কৰি ৰখাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবেও ৰাজ্য চৰকাৰক কৃতজ্ঞতা জনোৱা হয়।
আনহাতে, বিশ্বনাথৰে বালিপুখুৰীত পৰিষদৰ পুঁজিৰে এখন নৱনিৰ্মিত মুকলি ৰংগমঞ্চৰ আধাৰশিলা স্থাপন কৰা হয়। অঞ্চলটোৰ নৱপ্ৰজন্মৰ কলা-সংস্কৃতিৰ চৰ্চা আৰু বিভিন্ন সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এই ৰংগমঞ্চখনে এক সুন্দৰ মঞ্চ হিচাপে পৰিগণিত হ’ব। এই অনুষ্ঠানত সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক খেমৰাজ নেপাল আৰু বিধায়ক দিগন্ত ঘাটোৱাল উপস্থিত থাকে। গোৰ্খা উন্নয়ন পৰিষদৰ এই তিনিটাকৈ যোগাত্মক পদক্ষেপে সমগ্ৰ বিশ্বনাথ জিলাতে এক উৎসাহৰ পৰিৱেশ সৃষ্টি কৰিছে।











