Header Ad 272×90
Home Tags GDC Assam

Tag: GDC Assam

গোৰ্খা উন্নয়ন পৰিষদৰ বৃহৎ পদক্ষেপ: তেজপুৰত ছাত্ৰাবাস নিৰ্মাণ আৰু বিনামূলীয়া APSC প্ৰশিক্ষণ | Nelive24


ডিজিটেল ডেস্ক, nelive24.in: অসমৰ গোৰ্খা সমাজৰ শৈক্ষিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক উন্নয়নৰ দিশত গোৰ্খা উন্নয়ন পৰিষদ (GDC), অসমে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। পৰিষদৰ উদ্যোগত তেজপুৰত অত্যাধুনিক গোৰ্খা ছাত্ৰাবাস নিৰ্মাণ আৰু বিনামূলীয়া APSC প্ৰশিক্ষণৰ কথা ঘোষণা কৰা হৈছে। গোৰ্খা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক সুবিধাৰ্থে পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে তেজপুৰৰ নেপালীপট্টীস্থিত পুৰণি ছাত্ৰাবাস অৰ্থাৎ তদানীন্তন দৰং নেপালী ছাত্ৰ সন্থাৰ ছাত্ৰাবাস তথা গোৰ্খা সাংস্কৃতিক প্ৰকল্পটো পুনৰুজ্জীৱিত কৰি এটা সুসজ্জিত গোৰ্খা ছাত্ৰাবাস নিৰ্মাণৰ কথা প্ৰকাশ কৰিছে। প্ৰায় ত্ৰিছগৰাকী শিক্ষাৰ্থী থাকিব পৰা আৰু এটা পুথিভঁৰাল সমৃদ্ধ এই ছাত্ৰাবাস নিৰ্মাণৰ সকলো প্ৰাৰম্ভিক পৰিষদীয় কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু অতি শীঘ্ৰে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব। আনহাতে, চলিত বৰ্ষতো পৰিষদৰ তৰফৰ পৰা বিনামূলীয়া APSC প্ৰশিক্ষণ প্ৰদান কৰা হ’ব আৰু আগন্তুক ১৫ জুনৰ ভিতৰত ইয়াৰ বাবে অনলাইনযোগে আবেদন গ্ৰহণ মুকলি কৰা হ’ব।

ইয়াৰ সমান্তৰালভাৱে, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত চিতলমাৰী অধিকাৰীপালত অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ পুঁজিৰে নিৰ্মিত গোৰ্খা সাংস্কৃতিক মঞ্চখন আনুষ্ঠানিকভাৱে ৰাইজলৈ উচৰ্গা কৰা হয়। এই সাংস্কৃতিক মঞ্চই স্থানীয় শিল্পী, সাহিত্যিক, যুৱ-প্ৰজন্ম আৰু সমাজৰ সকলো স্তৰৰ লোকক নিজৰ প্ৰতিভা বিকাশ আৰু সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত এক শক্তিশালী মঞ্চ প্ৰদান কৰাৰ লগতে সমগ্ৰ অঞ্চলটোৰ সাংস্কৃতিক বিকাশত নতুন গতি সঞ্চাৰ কৰিব বুলি পৰিষদে আশা ব্যক্ত কৰিছে। এই প্ৰকল্পটো বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত জড়িত নিৰ্মাণ সমিতি তথা অঞ্চলবাসী ৰাইজলৈ অধ্যক্ষগৰাকীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এই উদ্বোধনী অনুষ্ঠানৰ লগতে সংগতি ৰাখি অঞ্চলটোৰ ৰাইজ তথা সমূহীয়া সংস্থাসমূহৰ মাজত টিনপাত বিতৰণ কৰা হয়। পৰিষদৰ সদস্য থৰ্ক অধিকাৰীয়ে আঁত ধৰা এই অনুষ্ঠানত অধ্যক্ষ প্ৰেম তামাং, সদস্য সঞ্জীৱ ক্ষেত্ৰী, ৰাজু ছেত্ৰী, আগছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোপাল আচাৰ্য, প্ৰাক্তন জিলা সভাপতি পুষ্প পৌডেল আৰু গোৰ্খা সম্মিলন শোণিতপুৰ জিলা সচিব ললিত খৰ্কাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

একেদৰে, অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ ২০২৪-২৫ বৰ্ষৰ বিত্তীয় পুঁজিৰ অধীনত ওদালগুৰি জিলা সদৰত অৱস্থিত গোৰ্খা ভৱনতো ৰাইজৰ মাজত সুচাৰুৰূপে টিনপাত বিতৰণ কৰা হয়। আনহাতে, ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত পৰিষদৰ কাম-কাজসমূহ ত্বৰান্বিত কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। শোণিতপুৰৰ ভঙামন্দিৰ চাৰিআলিত অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ বৈজয়ন্তী দেৱী ভট্টৰাইৰ প্ৰতিমূৰ্তি অহা জুলাই মাহৰ ভিতৰত উন্মোচন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। লগতে বৰচলাত অৱস্থিত বিশিষ্ট কবি হৰিভক্ত কটুৱালৰ প্ৰতিমূৰ্তিৰ চৌপাশৰ সৌন্দৰ্যবৰ্ধনৰ কাম ক্ষীপ্ৰতাৰে চলি আছে। এই সন্দৰ্ভত আগ্ছু মিছামাৰী, ঢেকীয়াজুলি আৰু শিঙৰী  আঞ্চলিক সমিতিৰ প্ৰতিনিধিসকলে শিঙৰী আঞ্চলিক সমিতিৰ কাৰ্যালয় নিৰ্মাণ আৰু উল্লেখিত প্ৰতিমূৰ্তিসমূহৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰি ৰাইজক হস্তান্তৰ কৰিবলৈ পৰিষদক আহ্বান জনায়। আগন্তুক দিনত ৰাইজৰ স্বাৰ্থত পৰিষদ আৰু ছাত্ৰ সন্থাই একেলগে সক্ৰিয়ভাৱে কাম কৰি যোৱাৰ বিষয়েও সভাত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

Wedding · Cinematic · Album

Kaanchi Multimedia

We capture your happiness, frame by frame.

Call 93947 82283

शोणितपुरमा गोर्खा गौरव: GDC द्वारा मणि कुमार सुब्बा र मेजर दुर्गा मल्लको शालिक अनावरण हुँदै | Nelive24

शोणितपुरमा गोर्खा गौरवलाई ऐतिहासिक सम्मान: मणि कुमार सुब्बा, मेजर दुर्गा मल्ल र वैजयन्ती देवीको पूर्ण कदको शालिक निर्माण हुँदै

असम सरकारको गोर्खा उन्नयन परिषद (GDC) को पहलमा शोणितपुर जिल्लामा गोर्खा जनगोष्ठीका ऐतिहासिक तथा अग्रणी व्यक्तित्वहरूको सम्मानमा विभिन्न स्थानमा शालिकहरू निर्माण भइरहेका छन्। nelive24 लाई प्राप्त जानकारी अनुसार, जिल्लाको राङ्गापारा, नदुवार र ढेकियाजुली विधानसभा समष्टि अन्तर्गत यी ऐतिहासिक शालिकहरूको छिट्टै अनावरण गरिने तयारी भइरहेको छ। स्वजाति र स्वराष्ट्रको सेवामा समर्पित गोर्खा सन्तानहरूलाई भावी पुस्तासँग परिचित गराउने उद्देश्यले परिषदले यो महत्त्वपूर्ण कदम चालेको हो।

राङ्गापारा विधानसभा समष्टि अन्तर्गत खनामुख गोर्खा भवन प्रांगणमा गोर्खा जनगोष्ठीका अग्रणी नेता, पूर्व सांसद तथा पूर्व विधायक प्रयात मणि कुमार सुब्बाज्यूको पूर्ण कदको शालिक छिट्टै अनावरण हुँदैछ। गोर्खा उन्नयन परिषदका सदस्य सञ्जीव छेत्रीले यस गौरवपूर्ण कार्यको औपचारिक जानकारी दिँदै आगामी एक महिनाभित्र शालिक अनावरण गरिने बताउनुभएको छ। यसै अवसरमा पूर्व सांसद सुब्बाज्यूको जीवनीमा आधारित एक स्मारिका पनि प्रकाशित गरिने कार्यक्रम रहेको छ। सम्पूर्ण गोर्खा समुदायको लागि यो अत्यन्तै खुसी र गर्वको विषय बनेको छ।

यसैगरी, नदुवार समष्टि अन्तर्गत लोक्रामा भारतीय राष्ट्रिय सेना (INA) का वीर योद्धा तथा भारतको स्वाधीनता आन्दोलनमा आफ्नो जीवन बलिदान गर्ने पहिलो गोर्खा सिपाही मेजर दुर्गा मल्लज्यूको शालिक अनावरण हुनेछ। सन् १९१३ मा देहरादुन नजिकै जन्मिएका मल्लले १८ वर्षको उमेरमै गोर्खा राइफल्समा भर्ना भई पछि नेताजी सुभाष चन्द्र बोसको आईएनएमा प्रवेश गरेका थिए। कर्तव्यप्रतिको अदम्य लगनशीलताले मेजर पदमा पुगेका उनी सन् १९४४ मा कोहिमामा समातिएपछि नयाँ दिल्लीको लाल किल्लामा उनलाई फाँसीको सजाय सुनाइएको थियो। मृत्युदण्डअघि जेलमा भेट्न आएकी पत्नी शारदालाई “मैले चढाएको बलिदान बेकार जानेछैन, भारत स्वतन्त्र हुनेछ” भन्दै दिएको अदम्य साहसको सन्देश आज पनि गोर्खा इतिहासमा अमर छ। उनको बलिदानको सम्मानमा भारतभरका गोर्खाहरूले अगस्ट २५ लाई बलिदान दिवसको रूपमा मनाउने गर्छन् भने नयाँ दिल्लीको संसद भवन परिसरमा पनि उनको मूर्ति स्थापित छ। राष्ट्रका लागि प्राण आहुति दिने यिनै महान वीर सहिद मेजर दुर्गा मल्लको साहसलाई लोक्रामा बन्न लागेको यस शालिकले चीरस्थायी बनाउनेछ।

उता, ढेकियाजुली समष्टि अन्तर्गत भाङ्गामन्दिर चारआलीमा ऐतिहासिक असम आन्दोलनकी पहिलो महिला सहिद वैजयन्ती देवी भट्टराईको पूर्ण कदको शालिक स्थापना गरिँदैछ। असम आन्दोलनमा गोर्खा समुदायको अतुलनीय योगदान र महिलाहरूको अग्रसरतालाई झल्काउने सहिद वैजयन्ती देवीको यो शालिकले सम्पूर्ण समाजलाई निरन्तर प्रेरणा प्रदान गर्नेछ।

उल्लेखनीय छ कि गोर्खा उन्नयन परिषदले विगत केही समययता शोणितपुर जिल्ला भित्र स्वाधीनता सेनानी प्रसाद सिंह सुब्बा र भारतको संविधान सभाका सदस्य ब्यारिस्टर अरिबहादुर गुरुङ्गज्यूको पूर्ण शालिक निर्माण जस्ता महत्त्वपूर्ण कार्यहरू गर्दै आएको छ। त्यसैगरी, बालिजोडीमा शोणितपुर जिल्लाका अष्ट सहिदहरूको स्मृतिमा सहिद स्तम्भको निर्माण कार्य पनि भइरहेको छ। गोर्खा उन्नयन परिषदका अध्यक्ष प्रेम तामाङ्गको नेतृत्वमा विभिन्न समालोचनाका बाबजुद पनि परिषद आफ्नो कार्यमा निरन्तर रूपमा समर्पित रहेको छ।

हालसम्म अनावरण कार्यक्रमको मिति आधिकारिक रूपमा घोषणा नभए तापनि यो वर्षभित्र सबै शालिकहरू औपचारिक रूपमा सार्वजनिक हुने सुनिश्चित भएको छ। प्राप्त सूचना अनुसार, उक्त कार्यक्रमहरूमा गोर्खा उन्नयन परिषदका अध्यक्ष प्रेम तामाङ्ग, उपाध्यक्ष राम दाहाल लगायत परिषदका अन्य विशिष्ट सदस्यहरूको उपस्थिति रहनेछ। शोणितपुरका तीनवटा विधानसभा समष्टिमा  चाड़ै सम्पन्न हुन गइरहेको यस ऐतिहासिक कार्यले समग्र गोर्खा समाजको गौरव बढाएको छ।

Wedding · Cinematic · Album

Kaanchi Multimedia

We capture your happiness, frame by frame.

Call 93947 82283
- Advertisement -

Wedding · Cinematic · Album

Kaanchi Multimedia

We capture your happiness, frame by frame.

Call 93947 82283