Header Ad 272×90
Home Tags NEP 2020

Tag: NEP 2020

ৰঙালী বিহুত মুক্তি পাব ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত নিৰ্মিত ফিচাৰ ফিল্ম “সপোনৰ ৰং”

গুৱাহাটী: বিহুৰ আনন্দৰ মাজতে ৰাজ্যৰ চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে আহিছে এক সু-খবৰ। অহা ১৫ এপ্ৰিল অৰ্থাৎ ৰঙালী বিহুৰ উপলক্ষে ছবিগৃহলৈ আহি আছে এখন নতুন ফিচাৰ ফিল্ম “সপোনৰ ৰং”।

​পৰিচালক তপ্তেশ কুমাৰ মেৱালৰ নিৰ্দেশনাত নিৰ্মিত এই ছবিখন মূলতঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ আধাৰত প্ৰস্তুত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ সপোন আৰু সাম্প্ৰতিক শিক্ষাক্ষেত্ৰত দেখা পোৱা ইতিবাচক পৰিবৰ্তনসমূহক লৈ এখন প্ৰেৰণাদায়ক কাহিনীৰে ছবিখন সজাই তোলা হৈছে বুলি পৰিচালকগৰাকীয়ে জানিবলৈ দিছে।

​ছবিখনৰ দৃশ্যগ্ৰহণ গুৱাহাটীৰ কেইবাখনো উল্লেখনীয় স্থানত কৰা হৈছে, যাৰ ভিতৰত PM SHRI কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা, টিউলিপ হাস্পতাল, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ আৰু গুৱাহাটী ব্লাইণ্ড স্কুল অন্যতম। উল্লেখযোগ্য যে, ইয়াত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকলেও সক্ৰিয়ভাৱে অভিনয় কৰিছে। প্ৰধান শিক্ষক পুৰুষোত্তম সিনহা, কঞ্জ লোচন পাঠক আৰু অভিভাৱক পান্ত প্ৰদীপ চক্ৰৱৰ্তীয়ে ছবিখনত বিশেষ চৰিত্ৰত অভিনয় কৰিছে।

​কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উপ-আয়ুক্ত আৰু সহায়ক আয়ুক্তৰ পূৰ্ণ সহযোগিতাৰে নিৰ্মিত এই ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা ৰোশনী আৰু ৰীলছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “সপোনৰ ৰং” নিৰ্বাচিত হৈছে।

​শেহতীয়াকৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে এই ছবিখনৰ পোষ্টাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰি সমগ্ৰ কলা-কুশলীৰ লগতে নিৰ্মাতাদলটোক অভিনন্দন জ্ঞাপন কৰে।

Wedding · Cinematic · Album

Kaanchi Multimedia

We capture your happiness, frame by frame.

Call 93947 82283
- Advertisement -

Wedding · Cinematic · Album

Kaanchi Multimedia

We capture your happiness, frame by frame.

Call 93947 82283