Header Ad 272×90
Home Tags Nepali Literature

Tag: Nepali Literature

পদ্মশ্ৰী গীতা উপাধ্যায় আৰু নাই: অসম-নেপালী সাহিত্যৰ সেতুবন্ধনগৰাকীৰ পৰলোকপ্ৰাপ্তি

Padmashree Gita Upadhyay

অসমীয়া আৰু নেপালী সাহিত্যৰ সমন্বয়ৰ সাঁকো, বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক পদ্মশ্ৰী গীতা উপাধ্যায় আৰু নাই
তেজপুৰৰ চান্দমাৰীস্থিত নিজা বাসভৱনত ১৩ জুলাই, ২০২৬ তাৰিখে নিশা ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অনুবাদক পদ্মশ্ৰী গীতা উপাধ্যায়ে। তেখেতৰ বিয়োগত কেৱল তেজপুৰেই নহয়, সমগ্ৰ অসমৰ বৌদ্ধিক আৰু সাহিত্য জগতত এক গভীৰ শোকৰ ছাঁ পৰিছে। অসমীয়া আৰু নেপালী ভাষা-সাহিত্যৰ মাজত এক সুদৃঢ় সেতুবন্ধন গঢ়ি তোলাত তেখেতৰ অৱদান আছিল অতুলনীয় আৰু অনবদ্য।
১৯৩৯ চনৰ ১৪ ফেব্ৰুৱাৰীত অবিভক্ত দৰং জিলাৰ (বৰ্তমানৰ বিশ্বনাথ জিলা) বিহালীৰ গাংমৌ থানত প্ৰবীণ স্বাধীনতা সংগ্ৰামী ছৱিলাল উপাধ্যায়ৰ নাতিনী গীতা উপাধ্যায়ৰ জন্ম হৈছিল। শৈশৱৰ পৰাই মেধাৱী ছাত্ৰী হিচাপে পৰিচিত গীতা উপাধ্যায়ে ১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু তেখেতেই আছিল স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰাজ্যৰ প্ৰথমগৰাকী নেপালী ছাত্ৰী। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বছৰটোতেই তেখেতে শিৱসাগৰ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। সুদীৰ্ঘ কাল শিক্ষকতা কৰি অগণন ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলোৱাৰ অন্তত ১৯৯৯ চনত তেখেতে উক্ত মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে সন্মানসহকাৰে অৱসৰ গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত তেজপুৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়।
অধ্যাপনাৰ সমান্তৰালকৈ আজীৱন সাহিত্য সাধনাত ব্ৰতী থকা গীতা উপাধ্যায়ৰ সাহিত্যিক অৱদান অতি বিশাল। প্ৰায় ২৬ খন মূল্যবান গ্ৰন্থৰে তেখেতে সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। মৌলিক সাহিত্যৰ লগতে শিশু সাহিত্য, গল্প, জীৱনী আৰু উপন্যাসকে ধৰি সাহিত্যৰ প্ৰতিটো দিশতেই তেখেতৰ স্বকীয় প্ৰতিভা জিলিকি উঠিছিল। তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে সুবাসিত বতাহ, ভূমিপুত্ৰ, ক’লা সূৰুজ, মহাপুৰুষ শংকৰদেৱ, চিলাৰ দৰে উৰে মন, মা মই ফাষ্ট হ’লোঁ, আৰু মোৰ আত্মকথা। বিশ্ববিখ্যাত ‘এন ফ্ৰাংকৰ ডায়েৰী’ অসমীয়ালৈ অনুবাদ কৰি তেখেতে বিশ্বসাহিত্যৰ এক অমূল্য সম্পদ অসমীয়া পাঠকৰ সমাজলৈ আগবঢ়াই আনে। ইয়াৰ উপৰিও ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘কাৰেঙৰ লিগিৰী’ক নেপালী ভাষালৈ ‘দৰবাৰ কি চুচাৰে’ নামেৰে অনুবাদ কৰি তেখেতে দুয়োটা ভাষাৰ সাহিত্যৰ মাজৰ সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰিছিল। ককাক তথা প্ৰবীণ স্বাধীনতা সংগ্ৰামী ছৱিলাল উপাধ্যায়ৰ জীৱনৰ আধাৰত ৰচিত নেপালী ভাষাৰ উপন্যাস ‘জন্মভূমি মেৰ স্বদেশ’ তেখেতৰ আন এক শ্ৰেষ্ঠ সৃষ্টি।
সাহিত্য আৰু শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা এই অনবদ্য অৱদানৰ বাবে গীতা উপাধ্যায়ে জীৱনকালত বহুতো সন্মানীয় বঁটা আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। অসম চৰকাৰে ২০০৩ চনত তেখেতক সাহিত্যিক পেঞ্চন প্ৰদান কৰাৰ লগতে ২০০৭ চনত অসম লেখিকা সংস্থাই প্ৰবীণা শইকীয়া অনুবাদ বঁটাৰে সন্মানিত কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী’ৰ অনুবাদ গ্ৰন্থ ‘দৰবাৰ কি চুচাৰে’ৰ বাবে ২০১২ চনত তেখেতে সাহিত্য অকাডেমিৰ অনুবাদ সাহিত্য বঁটা লাভ কৰে। পৰৱৰ্তী সময়ত ২০১৬ চনত নিজৰ জনপ্ৰিয় নেপালী উপন্যাস ‘জন্মভূমি মেৰ স্বদেশ’ৰ বাবে তেখেতক সন্মানীয় সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। তেখেতৰ আজীৱন সাহিত্যসাধনাৰ উচ্চ স্বীকৃতি স্বৰূপে ২০২৫ চনত ভাৰত চৰকাৰে তেখেতক সন্মানীয় পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰে আৰু ২০২৬ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সতী সাধনী বঁটাৰে সন্মানিত কৰে।
ব্যক্তিগত জীৱনত অবিবাহিত গীতা উপাধ্যায় আছিল অতিশয় স্বল্পবাক, অমায়িক, সৰল আৰু গভীৰ মানৱতাবাদী এগৰাকী নাৰী। জীৱনৰ নিসংগতাক তেখেতে সাহিত্যসাধনাৰ শক্তিলৈ ৰূপান্তৰিত কৰিছিল। মৃত্যুৱে তেখেতৰ ভৌতিক শৰীৰ কাঢ়ি নিলেও, তেখেতৰ সাহিত্যকৰ্ম আৰু মানৱতাবাদী দৰ্শন অসম-নেপালী সাহিত্যৰ ইতিহাসত চিৰদিন এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকিব। সাহিত্য কেৱল সৃষ্টিৰ মাধ্যম নহয়, বৰঞ্চ ই ভাষা, সংস্কৃতি আৰু মানুহৰ মাজত সম্প্ৰীতি স্থাপনৰ এক শক্তিশালী উপায়— এই বাৰ্তাই তেখেতৰ জীৱনৰ মূল মন্ত্ৰ আছিল, যিয়ে অনাগত প্ৰজন্মক যুগে যুগে অনুপ্ৰাণিত কৰি যাব।

Wedding · Cinematic · Album

Kaanchi Multimedia

We capture your happiness, frame by frame.

Call 93947 82283

असमेली नेपाली साहित्य जगत्‌का वरिष्ट सहित्यकार रुद्र बराललाई प्रतिष्ठित ‘भाइचन्द स्मृति पुरस्कार २०२६’ प्रदान गरिने

Nelive24/जुलाई ५, २०२६ :नेपाली साहित्य जगत्‌का सुपरिचित व्यक्तित्व, वरिष्ठ साहित्यकार, समालोचक,  तथा इन्द्रेनी प्रकाशन (असम) का प्रतिष्ठापक आदरणीय रुद्र बराललाई यस वर्षको प्रतिष्ठित “भाइचन्द स्मृति पुरस्कार–२०२६” प्रदान गरिने घोषणा भएको छ। नेपाली साहित्य अध्ययन समिति, कालिम्पोङद्वारा उहाँको तेस्रो उत्कृष्ट काव्यकृति ‘थोपो र मरुभूमि’ (२०२३) का लागि यो पुरस्कार प्रदान गर्न लागिएको हो। यस गौरवमय घोषणाले सम्पूर्ण असमेली नेपाली साहित्य जगत् र इन्द्रेनी परिवारमा खुसीको लहर छाएको छ।

आगामी १३ जुलाई २०२६ का दिन आदिकवि भानुभक्त आचार्यको २१२औँ जन्मजयन्तीको पावन अवसरमा कालिम्पोङको ऐतिहासिक रामकृष्ण रङ्गमञ्च (टाउन हल) मा आयोजना हुने भव्य समारोहमा उहाँलाई यस पुरस्कारबाट सम्मानित गरिनेछ। उक्त समारोहमा साहित्यकार बराललाई रजत स्मृति चिह्न, दोसल्ला, प्रशस्ति पत्र र नगद पुरस्कारसहित सम्मान गरिने कार्यक्रम तय भएको छ।

असमको शोणितपुर जिल्लाअन्तर्गत बडसोला निवासी, पेसाले शिक्षक र स्वभावले अत्यन्तै आत्मीय साहित्य साधक रुद्र बरालको नाम असमेली नेपाली साहित्यमा एउटा बलियो संस्था जस्तै स्थापित छ। उहाँ असम नेपाली साहित्य सभाको पूर्व महासचिवसमेत रहिसक्नुभएको छ। विशेष गरी कोरोनाकाल (२०१९-२०) को कठिन समयमा संस्थाको मूल सचिवका रूपमा र आफ्नै कृति ‘तेस्रो आँखो’ मार्फत उहाँले असममा साहित्यिक जागरण एवम् कविता लेखन क्षेत्रमा नयाँ लहर ल्याउनुभएको थियो।

‘इन्द्रेनी प्रकाशन’ को स्थापना गरेर उहाँले असमका कुना-काप्चामा लुकेका नवीन र जोसिला युवा सर्जकहरूलाई खोज्ने, उनीहरूलाई अनलाइन-अफलाइन मञ्च दिने र उनीहरूका रचनाहरूलाई पुस्तकका रूपमा बजारमा ल्याएर स्थापित गराउने ऐतिहासिक कार्य गर्नुभएको छ। उहाँको यसै प्रयासका कारण आज असममा युवा कविहरूको एउटा सिङ्गो र सशक्त पुस्ता नै तयार भएको छ। युवा वर्गलाई साहित्य लेखनमा लत बसाल्न र उनीहरूलाई जोस-जाँगरका साथ अघि बढाउन उहाँ सधैँ इन्द्रेनीको ‘मूल खाँबो’ बनेर उभिनुभएको छ।

कवि बरालका कविताहरू समाज रूपान्तरणका प्रखर स्रोत मानिन्छन्। जातीय हक-अधिकार, समाजको तल्लो वर्गको मुक्ति, नारी अस्मिताको रक्षा र पर्यावरण संरक्षण जस्ता गहन विषयहरू उहाँको काव्यचेतनाका मेरुदण्ड हुन्। जटिल मानवीय भावनाहरूलाई थोरै शब्दमा, बिम्बात्मक र उत्कृष्ट व्यङ्ग्यको सहारा लिएर प्रस्तुत गर्न सक्ने उहाँको अद्भूत क्षमताको आज कालिम्पोङको ऐतिहासिक मञ्चमा सही र न्यायोचित मूल्याङ्कन भएको छ। उहाँको यो ऐतिहासिक उचाइ सम्पूर्ण साहित्य प्रेमी र उहाँको मार्गदर्शनमा हुर्किएका हजारौँ युवा सर्जकहरूका लागि ठुलो उत्सव र गौरवको क्षण हो। उहाँको शक्तिशाली कलम र अभिभावकत्वले आगामी दिनहरूमा पनि समाजलाई ब्युँझाउने र नयाँ पुस्ता जन्माउने कार्य निरन्तर चलिरहोस् भनी सम्पूर्ण साहित्यप्रेमीहरूले शुभकामना व्यक्त गरेका छन्।

Wedding · Cinematic · Album

Kaanchi Multimedia

We capture your happiness, frame by frame.

Call 93947 82283
- Advertisement -

Wedding · Cinematic · Album

Kaanchi Multimedia

We capture your happiness, frame by frame.

Call 93947 82283