গোৰ্খা জনগোষ্ঠীৰ সমস্যাৰ সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে আগছুৰ বৈঠক

0
18

গোৰ্খা জনগোষ্ঠীৰ সমস্যাৰ সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে আগছুৰ বৈঠক
গুৱাহাটী, দিছপুৰ, জনতা ভৱনঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোৰ্খা জনগোষ্ঠীৰ নানাবিধ সমস্যা আৰু দাবী সম্বন্ধে এক বিশেষ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী পিযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ বৃহৎ প্ৰতিনিধি দলে বৈঠকত অংশ লয়। আগছুৰ সভাপতি সুনীল ছেত্ৰী, সাধাৰণ সম্পাদক নোমল ছেত্ৰী, উপদেষ্টা বিৰেন্দ্ৰ চুব্বা, বিটিআৰ কেন্দ্ৰীয় নেতৃবৰ্গ, ক্ষেত্ৰীয় সমিতিৰ সভাপতি-সম্পাদক লগতে বিটিআৰ অন্তৰ্গত পাঁচটা জিলা সমিতিৰ সভাপতি উপস্থিত থাকে। লগতে অসম গোৰ্খা সন্মিলনৰ প্ৰতিনিধি দলেও বৈঠকত অংশগ্ৰহণ কৰে গোৰ্খা সন্মিলন কেন্দ্ৰীয় সভাপতি কৃষ্ণ ভুজেলৰ নেতৃত্বত সন্মিলন কাৰ্যকৰ্তাসকল সভাত উপস্থিত আছিল।
এই বৈঠকত বিশেষকৈ বিটিআৰ অঞ্চলত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ নানাবিধ সমস্যা গভীৰভাৱে আলোচনা কৰা হয়। আগছুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ হাতত দশ দফা দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। দাবীসমূহৰ ভিতৰত গোৰ্খা জনগোষ্ঠীৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে গোৰ্খা স্বায়ত্তশাসিত পৰিষদ(GAC) গঠন, চিকিৎসা, অভিযান্ত্ৰিক, নাৰ্সিং, কৃষি আদি উচ্চ শিক্ষাত গোৰ্খা ছাত্ৰছাত্ৰীসকলক বিশেষ সুবিধা প্ৰদান, বিটিআৰ চুক্তি অনুসৰি গোৰ্খা জনগোষ্ঠীৰ সুৰক্ষা আৰু সংৰক্ষণ, বনাঞ্চলত বসবাস কৰা গোৰ্খাসকলৰ ভূমি অধিকাৰ প্ৰদান, স্বাস্থ্য সেবা আৰু শিক্ষাৰ সুৰক্ষা, বিটিআৰত গোৰ্খা জনগোষ্ঠীৰ বাবে MCLA আসন সংৰক্ষণ, ২০২৬ বিধানসভা নিৰ্বাচনত গোৰ্খা অধ্যুষিত এলেকাৰ পৰা প্ৰাৰ্থী মনোনয়ন, বৰ্তমানেও বাদপৰি থকা গোৰ্খা জনগোষ্ঠীৰ বিশেষ উপাধিক OBC তালিকাত অন্তৰ্ভুক্ত কৰা, শোণিতপুৰ জিলাত গোৰ্খা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপন, বডোলেণ্ড আন্দোলনত ক্ষতিগ্ৰস্ত গোৰ্খা পৰিয়ালসমূহক পুনৰ স্থাপন আৰু বিদ্যালয়-মহাবিদ্যালয়- বিশ্ববিদ্যালয়ত গোৰ্খা ছাত্ৰছাত্ৰীসকলৰ মাতৃভাষাত অধ্যয়ন সুবিধা অন্তৰ্ভুক্ত আছে।
প্ৰচাৰ সম্পাদক সোমৰাজ সোনাৰে জনাইছে যে আগছুৰ এই বৈঠক গোৰ্খা জনগোষ্ঠীৰ সমস্যাৰ সমাধানৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব।


LEAVE A REPLY

Please enter your comment!
Please enter your name here