কংগ্ৰেছক বৰ্জনৰ হুংকাৰ! হাইজুদ্দিন আহমেদৰ মন্তব্যক লৈ একত্ৰিত হ’ল AGS, ANSS, AAGSU, BGP আৰু S-UGPO।

Nelive24.in: আজিৰ এই প্ৰতিবেদনত আমি এটা শব্দৰ চৰ্চা কৰিম যিটো শব্দক লৈ এটা গৌৰৱময় জাতিৰ আবেগ জড়িত হৈ আছে। আপুনি কেতিয়াবা ভাবিছেনে, যিটো পৰিচয়ৰ বাবে আপুনি গৌৰৱ কৰে, সেই পৰিচয়টোৱেই যদি কাৰোবাৰ বাবে গালি হৈ পৰে, তেন্তে আপোনাৰ কেনে লাগিব? এটা ব্যক্তিগত নিউজ চেনেলৰ তৰ্ক অনুষ্ঠানত আমি তেনে এক দৃশ্যই দেখিবলৈ পালোঁ, য’ত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হাইজুদ্দিন আহমেডে বিজেপিৰ মুখপাত্ৰক আক্ৰমণ কৰিবলৈ গৈ ‘নেপালী’ শব্দটোক এনেদৰে ব্যৱহাৰ কৰিলে যেন ই কোনো এক গালিহে। এয়া কেৱল এটা শব্দৰ ভুল নহয়, বৰঞ্চ এক গভীৰ সাম্প্ৰদায়িক মানসিকতাৰ প্ৰতিফলন, যিয়ে অসমৰ এক বৃহৎ জনগোষ্ঠীক মৰ্মাহত কৰিছে।
এই অপমানৰ বিৰুদ্ধে এতিয়া উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত ক্ষোভৰ জুই জ্বলিছে। আজি তিনিচুকীয়াৰ থানা চাৰিআলিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) ৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদত উপস্থিত থাকি জিলা সাধাৰণ সম্পাদক শেখৰ গুৰুংয়ে সংবাদ মাধ্যমৰ আগত হুংকাৰ দি কয় যে “গোৰ্খা সমাজক অপমান কৰিলে এতিয়া আৰু সহ্য কৰা নহ’ব।” শেখৰ গুৰুংয়ে স্পষ্ট কৰি দিয়ে যে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ খিলঞ্জীয়া গোৰ্খা সমাজক লৈ এনে দায়িত্বহীন মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু হাইজুদ্দিন আহমেডে ইয়াৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিবই লাগিব। প্ৰতিবাদকাৰীসকলে থানা চাৰিআলিত আহমেদৰ পুত্তলিকা দাহ কৰি তীব্ৰ ক্ষোভ উজাৰে।
ইফালে, অসম গোৰ্খা সন্মিলন (AGS), অসম নেপালী সাহিত্য সভা (ANSS), সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) আৰু ভাৰতীয় গোৰ্খা পৰিসংঘ (BGP) এতিয়া এই বিষয়ত একগোট হৈছে। AGS-ৰ সভাপতি কৃষ্ণ ভুজেল, ANSS-ৰ সভাপতি ড° চিন্তামণি শৰ্মা আৰু BGP-ৰ সভাপতি অমৰ অধিকাৰীৰ দৰে নেতৃবৰ্গই একমুখে এই সাম্প্ৰদায়িক মন্তব্যক তীব্ৰ গৰিহণা জনাইছে। তেওঁলোকৰ দাবী একেটাই— হাইজুদ্দিন আহমেদক কেৱল নিলম্বন কৰিলে নহ’ব। যদিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক নিৰ্দেশযোগে (Ref. Med/APCC/Order/25-26/118) হাইজুদ্দিন আহমেদক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে, কিন্তু সংগঠনসমূহৰ মতে তেওঁক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিব লাগে। ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰশাসনিক সাধাৰণ সম্পাদক নন্দ কিৰাতী দেৱানে চৰম সকীয়নী দিছে যে যদিহে কংগ্ৰেছ দলে এই ক্ষেত্ৰত অধিক কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে আগন্তুক নিৰ্বাচনত গোৰ্খা সমাজে দলটোক সম্পূৰ্ণৰূপে বৰ্জন কৰিব। যিটো কংগ্ৰেছ দলৰ জন্মৰ ইতিহাসত বাবু ছবিলাল উপাধ্যায়ৰ দৰে গোৰ্খা সন্তানৰ তেজ-ঘাম নিহিত হৈ আছে, সেই দলৰ মুখপাত্ৰই একেটা সমাজকে অপমান কৰাৰ সাহস ক’ত পালে, সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন।












